Site icon Guwahati Times

গুৱাহাটীৰ ট্ৰেফিক জাম ভয়ংকৰ : অভিনেত্ৰী প্ৰীতি জিণ্টা

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই শেহতীয়াকৈ গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। বিগত ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈকো বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ এটা ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত পোষ্ট কৰে।

উল্লেখনীয় যে, প্ৰীতি জিণ্টাৰ টুইটটোত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে গুৱাহাটীৰ ট্ৰেফিক জাম সম্পৰ্কে তেওঁক এটা ৰিপ্লাই কৰে যে, ‘‘আশা কৰোঁ আপুনি ট্ৰেফিক জাম উপভোগ কৰিছে।’’ এই মন্তব্যত প্ৰীতি জিণ্টাই ৰিপ্লাই কৰি গুৱাহাটীৰ জাম ভয়ংকৰ বুলি উল্লেখ কৰিলে। লগতে তেওঁৰ সেই দিনটো ট্ৰেফিক জামত আবদ্ধ হোৱাৰ নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে।

প্ৰীতি জিণ্টাই ৰিপ্লাইত লিখে, ‘‘ট্ৰেফিক জাম ভয়ংকৰ আছিল, মন্দিৰলৈ যাওতে আমাক ২ ঘণ্টা সময় লগাৰ লগতে উভতি আহোতে পুনৰ ২ ঘন্টা আৰু খেলৰ বাবে ষ্টেডিয়ামলৈ যাওতে আৰু এঘণ্টা সময় লৈছিল। মই আধা খেল পোৱা নাছিলো কিন্তু কোনো আপত্তি নাই। মই মন্দিৰৰ বাবে ভ্ৰমণ কৰিছিলো। খেলখন আনুষংগিক আছিল।’’

Exit mobile version