Site icon Guwahati Times

গুৱাহাটীৰ পাছত নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস

চিলনী চোৰৰ উপদ্ৰৱত একপ্ৰকাৰ ত্ৰস্তমান হৈ পৰিছে নগাঁওবাসী।

শুক্ৰবাৰে পুৱাই নগাঁৱৰ চকৰিগাওঁ মজলীয়া বিদ্যালয়ৰ সমীপত চিলনী চোৰে চলালে সন্ত্ৰাস।

স্বৰ্ণলতা বৰকটকী নামৰ ৭৫ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন।

মটৰচাইকেলেৰ হেলমেট পৰিধান নকৰাকৈয়ে আহিছিল ২ চিলনী চোৰ।

ভুক্তভোগী মহিলা গৰাকীয়ে নগাঁও ইটাচালী আৰক্ষী চকীত গোচৰ তৰিছে।

মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত ইতিমধ্যে নগাঁও ইটাচালী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Exit mobile version