গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ কভিড 19 পজিটিভ চিনাক্ত ব্যক্তিজনৰ বাসগৃহ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত – Guwahati Times

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ কভিড 19 পজিটিভ চিনাক্ত ব্যক্তিজনৰ বাসগৃহ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ কভিড 19 পজিটিভ চিনাক্ত হোৱা মনীষ তীব্ৰেৱাল নামৰ ব্যক্তিজনৰ বাসগৃহ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত ।

ইতিমধ্যে ব্যক্তিজনৰ বাসগৃহত আহি উপস্থিত হৈছে আৰক্ষী আৰু স্বাস্থ্যবিভাগৰ লোক। নগাঁওস্থ বাসগৃহৰ পৰিয়ালটোৰ চাৰিজন সদস্যৰ লগতে বনকৰা এগৰাকী মহিলাসহ মুঠ আঠজনক স্বাস্থ্য পৰীক্ষাৰ লগতে কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে।

উল্লেখ্য যে এই লোকসকলেও লগ পাইছিল গুৱাহাটীৰ ব্যক্তিজনক। নগাঁৱৰ বাসগৃহত থাকে ব্যক্তিজনৰ পিতৃ-মাতৃ , ভাতৃ আৰু ভাই বোৱাৰী আৰু ঘৰুৱা সহায়কাৰী ।

ইতিমধ্যে নগাঁৱৰ এই পৰিয়ালটোৰ বাহন চলোৱা চালক গৰাকী আৰু তেওঁৰ পৰিয়ালকো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ।

error: Content is protected !!