Site icon Guwahati Times

গোসাঁইগাঁৱত স্বামী স্ত্ৰীৰ প্ৰৱঞ্চনাৰ বলি অৰ্ধশতাধীক পৰিয়াল..

গোসাঁইগাঁৱত স্বামী স্ত্ৰীৰ প্ৰৱঞ্চনাৰ বলি অৰ্ধশতাধীক পৰিয়াল

দুই কৌটিৰো অধিক ধনলৈ উধাও কবিতা আৰু সহদেৱ

প্ৰৱঞ্চক দম্পতীৰ খৱৰ দিয়া ব্যাক্তি নগদ এক লাখ টকা পুৰস্কাৰ দিয়াৰ ঘোষণা ভুক্তভোগীৰ

গোসাঁইগাঁও সদৰ চহৰখনৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা কবিতা পাল আৰু তেওঁৰ স্বামী সহদেৱ পালে অধিক মুনাফা দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰৱঞ্চনাৰ জাল পাতে ৷ শ্বেৰ মাৰ্কেট তথা অন্যান্য ব্যৱসায়ত তেওঁলোকে বিনিয়োগ কৰি এসপ্তাহৰ ভিতৰতে দুগুণ টকা ঘুৰাই দিয়াৰ প্ৰলোভন দি একাংশ সহজ সৰল পৰিয়ালক টাৰ্গেট কৰি লয় আৰু তেওঁলোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰে । যোৱা এসপ্তাহে ঘৰ এৰি প্ৰৱঞ্চক দম্পতিয় আত্মগোপন কৰাত এতিয়া হতাশত ভূগি গোসাঁইগাঁও আৰক্ষীৰ কাষ চাপিছে পৰিয়াল সমূহে ৷ এতিয়ালৈ দম্পতীহালৰ কোনো সুং সুত্ৰ লাভ নকৰাত কবিতা আৰু সহদেৱ’ৰ প্ৰৱঞ্চনাৰ বলি হোবা এজনৰ পিছত আন এজন ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হৈছে আৰু তেওঁলোকৰ সন্ধান উলিয়াই দিয়া জনক নগদ এক লাখ টকা পুৰস্কাৰ দিয়াৰ ঘোষণা কৰিছে ৷

Exit mobile version