Site icon Guwahati Times

গোসাঁইগাঁৱত হাতীধুৰা উন্নয়ন খণ্ড অন্তৰ্গত ভাইৰীগুৰী ভিচিডিচি’ৰ মেৰি মাটি মেৰা দেশ কাৰ্যসূচী:

মেৰি মাটি মেৰা দেশ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি হাতীধূৰা উন্নয়ন খণ্ডৰ ভাইৰীগুৰী ভিচিডিচি’ৰ বিভিন্ন গাৱঁৰ পৰা সংগ্ৰহ কৰা মাটি ছয় টা কলহত লৈ মহিলা সকলে এক সমদল উলিয়াই হাৰাফুটা স্থিত সৎভাৱনা মণ্ডপ প্ৰেক্ষাগৃহত আহি উপস্থিত হয় ৷ প্ৰেক্ষাগৃহত ভাইৰীগুৰী ভিচিডিচি’ৰ উদ্যোগত মেৰি মাটি মেৰা দেশ কাৰ্যসূচীত অংশ লৈ মহিলা সকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা মাটি খিনি মিহলাই ভিচিডিচি’ৰ সভানেত্ৰীৰ হাতত তুলি দিয়ে। এই উপলক্ষে অনুষ্ঠিত সভাত অঞ্চলটোৰ অৱসৰ প্ৰাপ্ত শিক্ষক, বিভিন্ন বিভাগত কাম কৰা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ লগতে বুদ্ধিজীৱী সাংবাদিক সকলক ভিচিডিচি’ৰ ফালৰ পৰা ফুলাম গামোচা আৰু গছ পুলি প্ৰদান কৰি সম্বৰ্ধনা জনায় ৷ কাৰ্যসূচীত হাতীধুৰা উন্নয়ন খণ্ড বিষয়া মকৰ সিং নাৰ্জাৰী, উন্নয়ন খণ্ডৰ দুগৰাকী কনিষ্ঠ অভিযন্তা ক্ৰমে ৰাজীৱ দাস আৰু শ্যাম ৰায়, ভাইৰীগুৰী ভিচিডিচি’ৰ সভানেত্ৰী লনিছিয়া টুডু, উপ-সভাপতি মৃণালকান্তি ৰায়ৰ লগতে আত্মসহায়ক গোটৰ সদস্য সদস্যা সকল উপস্থিত থাকে ৷

Exit mobile version