Site icon Guwahati Times

গোসাঁইগাৱৰ হাৰাপুটাত ভয়নকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত যুৱক।

গোসাঁইগাওঁৰ হাৰাপুটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন ২৪ বছৰীয়া যুৱক। যুৱকজন দুই নং বুঢ়ীচাটামগাৱৰ স্থানীয় বাসিন্দা আজিজুৰ আলিৰ পুত্ৰ মফেজ উদ্দীন বুলি চিনাক্তকৰণ কৰা হৈছে। যুৱক জনে As-19 -J 6270 নম্বৰযুক্ত মটৰ চাইকেল দি নিজা গৃহৰ পৰা গোসাঁইগাওঁ অভিমুখে যোৱাৰ পথত হাৰাপুটা জিও প্ৰেট্ৰল পাম্পৰ সমুখত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰাপ্ত বাতৰি মতে UP 63 AT 3566 নম্বৰৰ ট্ৰাক খন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ওলোটা দিশৰ পৰা আহি থাকোতে মুহূৰ্ততে মহতিয়াই লৈ যায় যুৱকজনক। ফলত লগে-লগেই যুৱক জনৰ মূৰ ছিন্ন বিছিন্ন হৈ পৰে থিতাতে মৃত্যুৰ মুখত পৰে । ইতিমধ্যে ঘটনাস্তৱলীত গোসাঁইগাওঁ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংগঠিত কৰা UP 63 AT 3566 নম্বৰৰ ট্ৰাক খন আটক কৰি মৃতদেহটো গোসাঁইগাওঁ RNB চিভিল চিকিৎসায়লৈ প্ৰেৰণ কৰে

Exit mobile version