Site icon Guwahati Times

গোৱৰ্দ্ধন পূজা কেতিয়া? পূজাৰ পদ্ধতি, শুভ সময় আৰু ইয়াৰ গুৰুত্ব জানো আহক

কাতি মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত দীপাৱলীৰ পিছদিনা গোৱৰ্দ্ধন পূজা পালন কৰা হয়। গোৱৰ্দ্ধন পূজাক অন্নকূট বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত গোৱৰ্দ্ধন পৰ্বত, ভগৱান শ্ৰীকৃষ্ণ আৰু গৰু পূজা কৰা হয়। এই দিনটোত মানুহে ঘৰৰ চোতালত বা ঘৰৰ বাহিৰত গোৱৰেৰে গোৱৰ্দ্ধন পৰ্বতৰ আকৃতি সাজি পূজা কৰে। লগতে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক বিভিন্ন ধৰণৰ ব্যঞ্জন ভোগ হিচাপে আগবঢ়োৱা হয়। চলিত বৰ্ষৰ গোৱৰ্দ্ধন পূজাৰ তাৰিখ, শুভ সময় আৰু গুৰুত্বৰ বিষয়ে জানো আহক।

গোৱৰ্দ্ধন পূজা ২০২৩ কেতিয়া?

এইবাৰ কাতি মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি ১৩ নৱেম্বৰ, সোমবাৰে দিনৰ ২ বাজি ৫৬ মিনিটৰ পৰা আৰম্ভ হ’ব। এই তিথি মঙলবাৰ অৰ্থাৎ ১৪ নৱেম্বৰৰ দিনৰ ২ বাজি ৩৬ মিনিটত সমাপ্ত হ’ব। উদয়া তিথিৰ পৰিপ্ৰেক্ষিতত ১৪ নৱেম্বৰ, মঙলবাৰে গোৱৰ্দ্ধন পূজা পালন কৰা হ’ব।

গোৱৰ্দ্ধন পূজাৰ শুভ মুহূৰ্ত

১৪ নৱেম্বৰ, মঙলবাৰে গোৱৰ্দ্ধন পূজাৰ শুভ সময় পুৱা ৬ বাজি ৪৩ মিনিটৰ পৰা ৮ বাজি ৫২ মিনিটলৈ থাকিব।

গোৱৰ্দ্ধন পূজাত কি যোগ গঠন হ’ব?

এইবাৰ গোৱৰ্দ্ধন পূজাৰ দিনা শুভ যোগ গঠন হ’ব। গোৱৰ্দ্ধন পূজাত শোভান যোগ পুৱাৰ পৰা দুপৰীয়া ১ বাজি ৫৭ মিনিটলৈ থাকিব। ইয়াৰ পিছত অতিগন্দ যোগ আৰম্ভ হ’ব। ধৰ্মীয় বিশ্বাস অনুসৰি অতিগন্দ যোগ শুভ নহয়। অৱশ্যে, শোভান যোগক এক শুভ যোগ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও গোৱৰ্দ্ধন পূজাৰ দিনা পুৱাৰ পৰাই অনুৰাধা নক্ষত্ৰ হ’ব।

গোৱৰ্দ্ধন পূজাৰ পদ্ধতি

গোৱৰ্দ্ধন পূজাৰ দিনা পুৱা সোনকালে সাৰ পাই গা ধুব। তাৰ পিছত শুভ সময়ত গৰুৰ গোৱৰেৰে গিৰিৰাজ গোৱৰ্দ্ধন পৰ্বতৰ আকৃতি বনাই লগতে পশুধন অৰ্থাৎ গৰু, পোৱালি আদিৰ আকৃতিও বনাব। ইয়াৰ পিছত ধূপকাঠি আদিৰে এই আকৃতিৰ নিয়ম অনুসৰি পূজা কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি গাখীৰেৰে স্নান কৰি পূজা কৰিব। ইয়াৰ পিছত অন্নকূট আগবঢ়াব।

গোৱৰ্দ্ধন পূজাৰ গুৰুত্ব

পৌৰাণিক বিশ্বাস অনুসৰি গোৱৰ্দ্ধন পূজা প্ৰথমে ভগৱান শ্ৰীকৃষ্ণই আৰম্ভ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই গোৱৰ্দ্ধন পৰ্বতক আঙুলিত তুলি লৈ ব্ৰজবাসী আৰু জীৱ-জন্তু-পক্ষীক ভগৱান ইন্দ্ৰৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিছিল। এই কাৰণেই গোৱৰ্দ্ধন পূজাত গিৰিৰাজৰ লগতে ভগৱান শ্ৰীকৃষ্ণক পূজা কৰাৰ নিয়ম আছে। এই দিনটোত অন্নকূটৰ বিশেষ তাৎপৰ্য থকা বুলিও বিশ্বাস আছে।

Exit mobile version