Site icon Guwahati Times

গৰুক কিয় মাতা বুলি কোৱা হয়? ইয়াৰ উত্তৰ জানেনে?

ভাৰতত গৰুক মাতা বুলি কোৱা হয় আৰু পূজা কৰা হয়। সনাতন ধৰ্মত গৰুৰ মহত্ব অতি বেছি। বহু লোকৰ ঘৰত প্ৰথম ৰুটি গৰুক খুৱাই দিয়া হয় তাৰপাছতহে পৰিয়ালৰ লোকে খায়। আনকি হিন্দু পুৰাণত গৰুৰ কথা উল্লেখ আছে। ভগৱান শ্ৰীকৃষ্ণই নিজেই গৰুৰ সেৱা কৰিছিল আৰু তেওঁৰ বাসস্থানো গকুলত আছিল। কামধেনু গৰুৰ চমৎকাৰিতাৰ কথাও হিন্দু ধৰ্মত উল্লেখ আছে। গৰুক ইমান গুৰুত্বপূৰ্ণ আৰু পূজাযোগ্য বুলি গণ্য কৰাৰ আঁৰত বহু কাৰণ আছে।

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে গৰুক কিয় মাতা বুলি কোৱা হয়। আন বেলেগ একো সম্বোধন কৰা নহয় কিয়?
শাস্ত্ৰ মতে ভগৱান ব্ৰহ্মাই যেতিয়া বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰি আছিল, তেতিয়া তেওঁ প্ৰথমে গৰুক পৃথিৱীলৈ পঠিয়াইছিল। লগতে গৰুৰ গাখীৰহে নৱজাত শিশুক খুৱাব পৰা যায়।
ইয়াৰ বাহিৰেও সকলো প্ৰাণীৰ ভিতৰত গৰু একমাত্ৰ প্ৰাণী যিয়ে মা শব্দটো উচ্চাৰণ কৰে, গতিকে মাতৃ শব্দৰ উৎপত্তিও গৰুৰে পৰা হোৱা বুলি বিশ্বাস কৰা হয়।
Exit mobile version