Site icon Guwahati Times

ঘৰত মানিপ্লাণ্ট লগালে কি কি লাভ হ’ব আপোনাৰ?

আপোনালোকে বহুতৰে ঘৰত দেখা মানিপ্লাণ্টে কেৱল ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বাস্তুশাস্ত্ৰৰ বাবেও বহুত শুভ মানিপ্লাণ্ট। বিশ্বাস অনুসৰি, ঘৰত মানিপ্লাণ্ট লগালে গৃহস্থৰ কেতিয়াও টকাৰ অভাৱ নহয় আৰু আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া নহয়। মানিপ্লাণ্ট থকা ঘৰখনত লক্ষ্মীৰ কৃপাদৃষ্টি সদায় থাকে।

কিন্তু এই মানিপ্লাণ্টসমূহ লগোৱাৰ ক্ষেত্ৰত বহু লোকে ভুল কৰে। আৰু সেই ভুলৰ বাবেই বহু লোকচানৰ সন্মুখীন হয়।

বাস্তুশাস্ত্ৰ অনুসৰি, মানিপ্লাণ্ট লগোৱাৰ কেতবোৰ নীতি-নিয়ম আছে। এই নিয়মসমূহৰ মাজেৰে মানিপ্লাণ্ট লগালে গৃহস্থৰ যথেষ্ট ভাল হয়।

মানিপ্লাণ্ট লগোৱাৰ সময়ত এটা কথাৰ ধ্যান ৰখা উচিত মানিপ্লাণ্ট জোপাৰ পাতবোৰে যাতে মাটি নোচোৱে। নহ’লে গৃহস্থৰ ধনহানিৰ সম্ভাৱনা বৃদ্ধি হয়। যদিহে মানিপ্লাণ্টৰ পাতবোৰ শুকাই গৈছে বা হালধীয়া হৈ গৈছে অতিশীঘ্ৰেই সেই পাতসমূহ দূৰ কৰা উচিত। কাৰণ শুকাই যোৱা পাত ঘৰখনৰ বাবে অশুভ বুলি ধৰা হয়। আপোনাৰ ঘৰৰ মানিপ্লাণ্ট কেতিয়াও কাকো নিদিব আৰু লগতে আপোনাৰ ঘৰৰ মানিপ্লাণ্ট জোপা আনক চুব নিদিব। এনে কৰিলে ঘৰখনৰ সুখ-সমৃদ্ধি নাশ হৈ বুলি কোৱা হয়।

যদিহে আপোনাৰ মানিপ্লাণ্টজোপাই মাটিৰ তলৰ দিশে বিয়পিবলৈ নিদিব। মানিপ্লাণ্টজোপা মাটিৰ দিশে বিয়পাৰ অৰ্থ হৈছে, আপোনাৰ ধন অবাবদ খৰচ হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি, মানিপ্লাণ্ট কেতিয়াও পশ্চিম আৰু উত্তৰ-পূৱ দিশত লগাব নালাগে। এই দিশসমূহত মানিপ্লাণ্ট লগালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে বেমাৰ হ’ব পাৰে। মানিপ্লাণ্ট সদায় দক্ষিণ-পূৱ দিশত লগাব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি, এই দিশটোক শুভ বুলি ধৰা হয়। বাস্তু অনুসৰি, মানিপ্লাণ্ট আনক দিয়া আৰু লোৱাও বেয়া। মানিপ্লাণ্টৰ লেনদেন কৰিলে শুক্ৰ গ্ৰহৰ প্ৰভাৱ বেয়া কৰে। যাৰ ফলত ব্যক্তিজনে বহু ধন হানিৰ সন্মুখীন হ’বলগীয়া হয়।

Exit mobile version