Site icon Guwahati Times

চাইবাৰ অপৰাধীৰ টার্গেট ! বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী অশ্লীল ফটো ভাইৰেল সামাজিক মাধ্যমত

শেহতীয়াকৈ কিছুদিন পূৰ্বে এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ চেষ্টা কৰাৰো মিছা অভিযোগ উত্থাপন কৰি অসংখ্য মেছেজ পোৱা বুলিও প্ৰকাশ কৰিছিল যুৱতীগৰাকীয়ে।

কিন্তু এইবাৰ তেনে এক অনুৰূপ ঘটনাই পুনৰ সংঘটিত হৈছে মহানগৰীত। কিয়নো এইবাৰ চাইবাৰ চক্ৰৰ জাল মহানগৰীৰ বেলতলা মহাবিদ্যালয়ত। ছাত্ৰীৰ ফটো বিকৃত ৰূপত উপস্থাপন চাইবাৰ অপৰাধীৰ । WhatsApp গ্ৰুপৰ পৰা ফটো সংগ্ৰহ কৰি দুষ্কাৰ্য চাইবাৰ অপৰাধীৰ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে৷

বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ অশ্লীল ফটো ভাইৰেল হোৱাক কেন্দ্ৰ কৰি অব্যাহত প্ৰতিক্ৰিয়া৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী শিক্ষাৰ্থীসকলে৷

Exit mobile version