Site icon Guwahati Times

ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী, ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেধাৱী ছাত্ৰক লৈ বিশেষ আঁচনিৰ চিন্তা–চৰ্চা চৰকাৰৰ। ভৱিষ্যতে ছাত্ৰকো স্কুটী দিয়াৰ পৰিকল্পনাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মাজুলীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয় – ‘‘ভৱিষ্যতৰ দিনত আমি ছাত্ৰসকলৰ বাবেও এনেধৰণৰ আঁচনি আৰম্ভ কৰিম। যিসকল ছাত্ৰীয়ে স্কুটী পাবলৈ সক্ষম হ’ল, এই স্কুটীখনে য’লৈকে যাব আমাৰ সফলতাৰ বতৰা কঢ়িয়াই লৈ যাব। সেইবাবে আমি ভৱিষ্যতে মেধাৱী ছাত্ৰসকলৰ বাবেও এনেধৰণৰ আঁচনি আৰম্ভ কৰিম।’’

Exit mobile version