Site icon Guwahati Times

জীৱনত কাহানিও সুখ নাপায় এই ধৰণৰ মানুহে, কেনে ব্যক্তি সুখী হ’ব নোৱাৰে? জানক সবিশেষ

জীৱনত উঠা নমা থাকেই। কেতিয়াবা সাফল্য আহে যদি কেতিয়াবা ব্যৰ্থতাই গ্ৰাস কৰে। কেতিয়াবা যদি হাঁহি কেতিয়াহা আকৌ কান্দোন। এই সকলোবোৰ সামৰি জীৱন চলি থাকে। কাৰণ সাফল্য বা ব্যৰ্থতা, সুখ নতুবা দুখ কোনোটোৱেই চিৰস্থায়ী নহয়। কিন্তু এইসমূহৰ মাজতো এনে কিছু মানুহ থাকে যিয়ে হাজাৰ বিপদৰ মাজতো মুখতো হাঁহি ধৰি ৰাখিবলৈ চেষ্টা কৰে।

এইসমূহৰ মাজতেই এনে কিছু মানুহ আছে যিয়ে সকলো সময়তে চিন্তাৰ মাজতেই সময় কটায়। এওঁলোকৰ মুখত হাঁহি প্ৰায় নোলায়েই। বহুতৰে মতে প্ৰাচীন ভাৰতৰ আচাৰ্য চাণক্য হৈছে বিশ্বৰ শ্ৰেষ্ঠ দাৰ্শনিক। তেঁও এনে কিছু উপদেশ আৰু পৰামৰ্শ দি গৈছে যি আজিও আমাৰ জীৱনত প্ৰাসংগিক। তেওঁৰ ৰচিত চাণক্য নীতিতো সুখী জীৱনৰ মন্ত্ৰণাৰ লগতে তেওঁৰ গ্ৰন্থত কি কি পৰিস্থিতিত পৰিলে এজন ব্যক্তি অসুখী হৈ থাকে তাকো উল্লেখ কৰিছে।

সুখ আৰু দুখক সম্পৰ্কে কি কৈ কৈছিল চাণক্যই?
চাণক্যই জনোৱা অনুসৰি পৃথিৱীত তিনি ধৰণৰ মানুহ থাকে। চাণক্যই জনোৱা অনুসৰি পৃথিৱীত তিনি ধৰণৰ মানুহ থাকে। তাৰেই একাংশ মানুহ কেতিয়াও সুখী হ’ব নোৱাৰে। আনকি প্ৰচুৰ অৰ্থ সম্পদ লাভ কৰিলেও এইসকল মানুহে দুখেৰে জীৱন কটায়। এওঁলোকৰ কষ্ট কোনোৱে দূৰো কৰিব নোৱাৰে। এই মানুহক আপুনি যিমানেই সুখৰ সমল নিদিয়ক কিয় তেঁওলোক অসুখীয়েই। চাণক্য নীতি মতে কোন কোন লোক সদায়ে দুখত থাকে?

যাৰ সন্তান অযোগ্য
মানুহ সন্তানৰ ওপৰত বহু পৰিমানে নিৰ্ভৰশীল হয়। নিজৰ সকলো আশা ভৰসা, ভালপোৱা, সঞ্চয় সকলোবোৰেৰে সন্তানক তিল তিলকৈ গঢ়ি তোলে। কিন্তু সেই সন্তান যদি সু সন্তান নহয় তেন্তে পিতৃ মাতৃ দুখিত হৈ পৰে। এনে সন্তানে সমাজত পিতৃ মাতৃৰ সন্মানহানি কৰে আৰু বৃদ্ধ বয়সত পিতৃ মাতৃৰ দায়িত্ব লোৱাৰ পৰাও আঁতৰি থাকে।

যাৰ পিতৃ ঋণগ্ৰস্থ
যি ব্যক্তিয়ে উত্তৰাধিকাৰ সূত্ৰে পিতৃৰ ঋণৰ বোজা বহন কৰে সেই ব্যক্তিয়ে জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰে। তেওঁলোকে গোটেই জীৱনজুৰি পিতৃৰ ঋণ পৰিশোধ কৰিয়েই পাৰ কৰিব লগা হয়। এই ঋণৰ দায়ভাৰৰ কাৰণে সেই ব্যক্তিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে আৰু ব্যক্তিগত জীৱনো উপভোগ কৰিব নোৱাৰে।

পত্নী আৰু মাতৃৰ চৰিত্ৰ অসৎ হ’লে
যি ব্যক্তিৰ মাতৃ অথৱা স্ত্ৰী অসৎ চৰিত্ৰৰ হয় সেই ব্যক্তিয়ে জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰে। সমাজত এই ব্যক্তিৰ কোনো সন্মান নাথাকে। এওঁলোকে জীৱনত কেতিয়াও মূৰ উঠাই চলিব নোৱাৰে। ফলত আজীৱন অসুখী মন লৈয়েই কটায়।

 

 

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

Exit mobile version