কাইলৈ অৰ্থাৎ বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক। দ্বিতীয়বাৰৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল সংগীতা। আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত হাজিৰ কৰা হ’ব আদালত। উল্লেখযোগ্য যে সোমবাৰে ডাঃ ৱালিউল ইছলামক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে ৱালিউল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
গুৱাহাটীৰ এই চিকিৎসক দম্পতীৰ বিৰুদ্ধে তুলি লোৱা শিশুক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে এই ঘটনাত চিকিৎসক দম্পতীৰ লগতে ডাঃ সংগীতা দত্তৰ ব্যক্তিগত সহায়ক, কেয়াৰটেকাৰৰ লগতে দুগৰাকী আশা কৰ্মীও জালত পৰিছে আৰক্ষীৰ।

