Site icon Guwahati Times

ডাবৰ পানীত আছে আচৰিত গুণ, দূৰ হ’ব আপোনাৰো বহু স্বাস্থ্যজনিত সমস্যা

গৰম পৰাৰ লগে লগে বহুলোকে আন পানীয়তকৈ ডাবৰ পানী খোৱাতো পছন্দ কৰে। কিন্তু আপুনি জানেনে এই ডাবৰ পানীয়ে আপোনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান উপাকাৰী। নাৰিকল পানী হৈছে সতেজ আৰু পুষ্টিকৰ পানীয়, গ্ৰীষ্মকালত নাৰিকল পানী সেৱন কৰিলে এই সমস্যা সমূহ দূৰ হ’ব আপোনাৰ-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ নাৰিকলৰ পানীত পটাছিয়াম, ছডিয়াম, মেগনেছিয়ামৰ দৰে ইলেক্ট্ৰলাইট প্ৰচুৰ পৰিমাণে থাকে, যিয়ে শৰীৰৰ তৰল পদাৰ্থৰ পুনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে।

শৰীৰ হাইড্ৰেট কৰে: নাৰিকল পানী হাইড্ৰেচনৰ এক উৎকৃষ্ট উৎস, ডাবৰ পানীয়ে পিয়াহ দূৰ কৰাত সহায় কৰে আৰু গ্ৰীষ্মকালীন গৰমৰ পৰা আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখে।

প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰে: নাৰিকলৰ পানীয়ে বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে, যাৰ ফলত পানী জমা হোৱা আৰু পেট ফুলাৰ সম্ভাৱনা কম হয়।

পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰেঃ নাৰিকল পানীয়ে গ্ৰীষ্মকালীন সময়খিনিত পাচনতন্ত্ৰৰ সমস্যা যেনে ডায়েৰিয়া, কোষ্ঠকাঠিন্য, বদহজম আদি দূৰ কৰাত সহায় কৰে।

শক্তি বৃদ্ধি কৰে: নাৰিকল পানী হৈছে প্ৰাকৃতিক শক্তি পানীয়, ই সতেজ আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে।

ওজন হ্ৰাসত সহায় কৰে: নাৰিকল পানী খালে হজম ক্ৰিয়া উন্নত কৰি ওজন হ্ৰাসত সহায় কৰে ডাবৰ পানীয়ে।

এন্টিঅক্সিডেন্ট গুণ: নাৰিকল পানীত এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰক অক্সিডেটিভ চাপ আৰু ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

প্ৰদাহ নিবাৰণকাৰী প্ৰভাৱঃ নাৰিকলৰ পানীত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে গ্ৰীষ্মকালীন এলাৰ্জী, খজুৱতি, প্ৰদাহ আদি দূৰ কৰে।

প্ৰাকৃতিক প্ৰতিকাৰঃ গ্ৰীষ্মকালীন বিভিন্ন ৰোগ, যেনে- গৰমৰ ক্লান্তি, পানীলগা, ছানষ্ট্ৰ’ক আদিৰ বাবে ডাবৰ পানী প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

সতেজ আৰু শীতল কৰা: ডাবৰ পানী শৰীৰ সতেজ আৰু শীতল কৰা পানীয়, গৰমৰ দিনৰ বাবে একেবাৰে উপযুক্ত এই ডাবৰ পানী।

Exit mobile version