Site icon Guwahati Times

তামুলপুৰৰ বীৰ ছহিদ মনশ্বেৰ বসুমতাৰীৰ পৰিয়াললৈ নগাৱঁৰ এচ আৰ কে জুনিয়ৰ কলেজৰ পঞ্চাশ হাজাৰ টকাৰ সাহায্য ।

কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমথিত সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চি আৰ পি এফ জোৱান বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে জুনিয়ৰ কলেজে পঞ্চাশ হাজাৰ টকা দিয়ে। কলেজ খনৰ ৰেক্টৰ জাকিৰ হুছেইন ভূঞাই এক বিবৃতিত কয় যে ছহিদ জনৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে হুছেইন ভূঞাই এয়াই সঠিক পথ হিচাপে বিবেচিত কৰিছে।
আজি এছ আৰ কে জুনিয়ৰ কলেজৰ অধ্যক্ষ জাকিৰ হুচেইন ভূঞা ,পৰিচালনা সমিতি মূখ্য উপদেষ্টা কাছেম আহমেদ, সভাপতি মইনুল হক,শিক্ষক হাদি হাজৰিকা আৰু জানেলিষ্ট ইউনিয়ন অৱ আসামৰ উপ-সভাপতি তথা জেষ্ঠ সাংবাদিক পলাশ ৰঞ্জন দাস সহ এটি সজাতি দলে তামুলপুৰৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ 50 হাজাৰ টকা প্ৰদান কৰে।

Exit mobile version