Site icon Guwahati Times

তিনি গগৈৰ প্ৰসংগই চৰ্চা লাভ কৰিছে অসমত। তিনি গগৈৰ কথা কৈ নিলম্বন হ’ল আপ নেতা

কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদান কৰা কমল কুমাৰ মেধিক আম আদমি পাৰ্টীৰ পৰা নিলম্বিত। সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে বহু চৰ্চিত ‘তিনি গগৈ’ প্ৰসংগত কমল কুমাৰ মেধিয়ে কৰিছিল বিতৰ্কিত মন্তব্য।

সংবাদ মাধ্যমৰ আগত তিনি গগৈ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহকত ক্ষমা বিচাৰিছিল যদিও পুনৰ ফেচবুকত তেওঁ তিনি গগৈ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰে।

দলৰ নীতিৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰাৰ বাবেই কমল কুমাৰ মেধিক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বিত কৰিছে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। এই সন্দৰ্ভত শেষ সিদ্ধান্ত ল’বলৈ সভাপতি ডাঃ চৌধুৰীয়ে দলৰ নীতি নিৰ্ধাৰণ সমিতিলৈও পত্ৰ প্ৰেৰণ কৰিছে।

Exit mobile version