Site icon Guwahati Times

দিছপুৰ থানাত ৰাছিয়ান আলহী,লগত লৈ আহিছে প্ৰৱঞ্চনাৰ কাহিনী

গুৱাহাটী মহানগৰীত এজন ৰাছিয়ান যুৱকৰ লটিঘটি। প্ৰৱঞ্চনাৰ জালত পৰা যুৱকজনে আৰক্ষীক অভিযোগ দিবলৈ গৈ নিজেই চপাই ল’লে বিপদ! আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, কলকাতালৈ বিশ্বকাপ ক্ৰিকেট চাবলৈ যোৱা ডিব্ৰুগড়ৰ আশিস শৰ্মা নামৰ যুৱকজনৰ সৈতে চিনাকি হৈছিল ৰাছিয়াৰ যুৱক আলেকজেণ্ডাৰৰ। কলকাতা ৰে’ল ষ্টেচনত চিনাকি হৈছিল দুয়ো। ৰাঁচি, দাৰ্জিলিং ঘূৰি আশিসৰ সৈতে গুৱাহাটী পাইছিল আলেকজেণ্ডাৰ। গুৱাহাটীৰ ইস্কন মন্দিৰলৈ অহাৰ বাবে আলেকজেণ্ডাৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা আশিসৰ একাউণ্টলৈ পঠোৱা হৈছিল ধন। প্ৰৱঞ্চনাৰে আশিসে ১১ হাজাৰ ৭ টকা সৰকাই নিয়াৰ অভিযোগ।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত আশিসে জানিছিল আলেকজেণ্ডাৰৰ ভিচাৰ ম্যাদ উকলিছিল। আলেকজেণ্ডাৰ থকাৰ বাবে এটা ভাড়াঘৰ বিচাৰি গৈছিল আশিসে। ভাড়াঘৰৰ মালিকে ষ্পষ্ট কৰিছিল ৰাছিয়ান ভিচাৰ ম্যাদ ওকলাৰ কথা। তাৰ পিছতেই দিছপুৰৰ ল’জত দুটা নিশা কটাইছিল দুয়ো। আলেকজেণ্ডাৰৰ অভিযোগ, বিভিন্ন সময়ত আশিসে ভাবুকি দিছিল আলেকজেণ্ডাৰক। আলেকজেণ্ডাৰে দিয়া টকা বিচাৰিলেই হাৰাশাস্তি কৰাৰ অভিযোগ আশিসৰ বিৰুদ্ধে। সোমবাৰে দিছপুৰ থানাত আশিসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আলেকজেণ্ডাৰে। কেমেৰাৰ সন্মুখত মন্তব্য দিব নিবিচাৰা আশিসে সমগ্ৰ বিষয়টো নস্যাৎ কৰিছে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে আশিসৰ বিৰুদ্ধে গোচৰ দিবলৈ আহি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে আলেকজেণ্ডাৰে। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিবলৈ আহি বিপদত পৰিল আলেকজেণ্ডাৰ। ভিছাৰ ম্যাদ উকলিছিল আলেকজেণ্ডাৰৰ। আৰক্ষীয়ে আলেকজেণ্ডাৰ আৰু আশিস দুয়োকে সোধা–পোছা অব্যাহত ৰাখিছে। ম্যাদ উকলা ভিছাৰ পুনৰ পৰীক্ষণ কৰিব আৰক্ষীয়ে। সমান্তৰালকৈ আলেকজেণ্ডাৰৰ ক্ৰিমিনেল ৰেকৰ্ডো পৰীক্ষা কৰিব ক্ৰাইম ব্ৰাঞ্চে। প্ৰকৃতাৰ্থত আশিসে কলকাতাতে লগ পাইছিলনে আলেকজেণ্ডাৰক, তাৰ তদন্ত অব্যাহত আৰক্ষী তথা ক্ৰাইম ব্ৰাঞ্চৰ। ৰাছিয়ান হাই কমিশ্যনক আলেকজেণ্ডাৰৰ তথ্য বিচাৰিব আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ৰাচিয়ান যুৱকজনৰ।

Exit mobile version