Site icon Guwahati Times

দিছপুৰ প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী ২৩ মাৰ্চ: দিছপুৰ প্ৰেছ ক্লাব আৰু ইষ্টাৰ্ণ ষ্ট’ন কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল আই ইউ কে ডি’ৰ সহযোগত আজি দিছপুৰ প্ৰেছ ক্লাবত সাংবাদিক, সংবাদ কৰ্মী আৰু ৰাইজৰ বাবে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সুকলমে সম্পন্ন হয়।
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক -সংবাদকৰ্মী সহ শতাধিক লোকে উপস্হিত থাকি বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে ।
দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি পৰামৰ্শ আগবঢ়ায়
ইউৰ’লজি বিশেষজ্ঞ চিকিৎসক ডাঃ: অৰূপ কুমাৰ নাথ আৰু ডা: বিকাশ চৌধুৰী। স্বাস্থ্য পৰীক্ষা শিবিৰত
কিডনী ষ্ট’নৰ সমস্যা,প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, কিডনী ব্লাডাৰ আৰু প্ৰষ্টেট কেন্সাৰৰ সমস্যা আৰু পূৰুষৰ যৌন সমস্যা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ৰোগীৰ মাজত বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে।অনাগত দিনত দিছ্পুৰ প্ৰেছ ক্লাৱৰ সদস্য তথা সাংবাদিক সকলৰ বাবে বিশেষ ৰেহাই দিব বুলি ঘোষণা কৰে iukd CMD ডাঃ অৰূপ কুমাৰ নাথে অনুষ্ঠানটি আয়োজনত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে
দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে ।

Exit mobile version