দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷

1 min read

দুবাৰকৈ কংগ্ৰেছ দলৰ হৈ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কাৰ্য্যনিৰ্বাহ কৰা দিলীপ হাজৰীকাই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছে ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিলেও জনপ্ৰিয়তা কমা নাই দিলীপ হাজৰীকাৰ ৷ এজন শিল্পী হিচাপেও নাম আছে হাজৰীকা দেৱৰ ৷ কংগ্ৰেছ , বিজেপি আৰু অগপৰ মাজত চলি থকা গৃহ কন্দলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে হাজৰীকা দেৱে ৷ তেওঁৰ পত্নী আঞ্চলিক পঞ্চায়তৰ সদস্য থাকোতে তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ এটি চৰকাৰী ৰাস্তাত চিচি ব্লক বহোৱাই ৰাইজৰ যি উপকাৰ কৰিলে সেই লৈ বেংগলী সম্পদায়ৰ লোক সকলেও আদৰি লৈছে হাজৰীকা দেৱক ৷ অনেক জীয়াতু ভোগা এই সকল লোকে ৰাস্তাটোৰ বাবে বহুবাৰ চৰকাৰক আবেদন জনাই অহাৰ পাছতো একো ব্যৱস্থা লোৱা নাছিল চৰকাৰে ৷ হাজৰীকা দেৱৰ পত্নীয়ে তেওঁৰ আচনিৰ পৰা ৮০ লাখ টকা মোকলাই দি ৰাস্তাটো নিৰ্মাণ কৰাত সকলোৱে একমুখে হাজৰীকা দেৱক শুভেচ্ছা জনোৱাৰ লগতে আদৰি লৈছে ৷

জুৰীয়াৰ পৰা পদুম ভূঞা

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author