Site icon Guwahati Times

দেখাত অনুষ্কাতকৈও সুন্দৰী! বিৰাট কোহলীৰ সৈতে নাম সাঙোৰ খালে এই সুন্দৰীৰ! কথাটো কি?

তেওঁ এগৰাকী আফগান কন্যা। কিন্তু ভাৰত আৰু ভাৰতীয় দলক ভাল পায়। সেয়ে দেওবাৰে ভাৰতীয় দলৰ হৈ এছিয়া কাপত উপস্থিত থাকিব।

ৱাজমা আয়ুবী নাম যুৱতীগৰাকীৰ। ক্ৰিকেট আৰু বিৰাটৰ একান্ত অনুৰাগী।

এছিয়া কাপ ফাইনেলৰ পূৰ্বে বিৰাট কোহলীৰ স্বাক্ষৰ কৰা জাৰ্ছী পিন্ধি ফটো পোষ্ট কৰিলে আফগান কন্যাগৰাকীয়ে।

ৱাজমাই যি জাৰ্ছী পৰিধান কৰিছে, সেয়া বিগত বৰ্ষত বিৰাট কোহলীয়ে খোদ এছিয়া কাপত পিন্ধি খেলিছিল।

১৮ নম্বৰ জাৰ্ছী। তাতে বিৰাট কোহলীৰ স্বাক্ষৰ, লগতে লিখা আছে – বেষ্ট উইছেছ।

বিগত এছিয়া কাপত এই জাৰ্ছী পিন্ধিছিল বিৰাটে। ভাৰত–আফগানিস্তানৰ মেচত।

আফগানিস্তানৰ কন্যা হ’লেও তেওঁ এতিয়া থাকে ডুবাইত। ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হিচাপে কাম কৰে তেওঁ।

ইয়াৰ পূৰ্বেও টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধা দেখা গৈছে যুৱতীগৰাকীক। কিন্তু এইবাৰেই প্ৰথম বিৰাট কোহলীৰ জাৰ্ছীত ফটো পোষ্ট কৰিলে ৱাজমাই।

ৱাজমাই জনাইছে, ভাৰতক সমৰ্থন কৰিবলৈ এই জাৰ্ছী পিন্ধিব। বিৰাটৰ আৰু এটা জাৰ্ছী বিচাৰে বুলিও দাবী তুলিছে ৱাজমাই।

Exit mobile version