আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে সাংবিধানিক ভাৱে স্বীকৃত কাৰ্যপালিকা , বিধানমণ্ডল আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত ৷ যেতিয়া কাৰ্যপালিকাৰ নিৰ্দেশত আনবোৰ চলিবলৈ ধৰে তেতিয়াই জানিব গণতন্ত্ৰ ধ্বংসৰ আখৰা চলিছে ৷ লোকসভা সচিৱালয়ে আজি তেনেকুৱা কাম এটাকে কৰিলে ৷ যি লোকসভাই গণতন্ত্ৰ ৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰে , সেই লোকসভাই আজি গণতন্ত্ৰক মষিমূৰ কৰিবলগীয়া কাম এটা কৰিলে ৷ চৰকাৰৰ বহতীয়া অনুষ্ঠানলৈ নিজকে পৰ্যবসিত কৰিলে ৷
তাৰোপৰি যিমানেই ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন ওচৰ চাপিছে সিমানেই কেন্দ্ৰৰ বিজেপি চৰকাৰখনে বিৰোধী নেতাসকলক লক্ষ্য কৰি লৈছে ৷ চৰকাৰখনৰ এনেকুৱা কামকাজ চূড়ান্তভাৱে গণতন্ত্ৰ বিৰোধী ৷
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক আমি অসম তৃণমূল কংগ্ৰেছ দলে বিৰোধিতা কৰিছোঁ ৷ লোকসভা সচিৱালয়ক এই নিৰ্দেশনা উঠাই লবলৈ দাবী জনালোঁ ৷ এয়া কিন্তু কাৰো বাবেই শুভলক্ষণ নহয় ৷

