Site icon Guwahati Times

দেশ-বিদেশৰ সাধু ভক্তৰ সমাগমেৰে উখল-মাখল কামাখ্যা ধাম

সমাগত অম্বুবাচী মেলা। উখল-মাখল গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধাম। ২২ জুনৰ নিশা অম্বুবাচীৰ প্ৰবৃত্তি।

নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। অম্বুবাচীক লৈ শক্তিপীঠ কামাখ্যা ধামত সৃষ্টি হৈছে উখল-মাখল পৰিবেশৰ। মেলা উপলক্ষে আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ লগতে সাধু-সন্নাসীৰ।

ইতিমধ্যে অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনাৰ বাবে পৰ্যটন বিভাগ,কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কামাখ্যা দেৱালয়ৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি নিশা প্ৰবৃত্তি হোৱাৰ পিচত ২৩,২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব।

আনহাতে ২৬ জুনৰ পুৱা নিত্য পূজা সমাপনৰ পিচত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।

Exit mobile version