Site icon Guwahati Times

দৈনিক নাৰিকলৰ পানী খোৱাৰ আছে বহু উপকাৰিতা…

নাৰিকলৰ পানী স্বাস্থ্যকৰ পানীয়। নাৰিকলৰ পানী পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। দৈনিক খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যাব। নাৰিকলৰ পানীত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে ইলেক্ট্ৰলাইটৰ প্ৰাকৃতিক উৎস থাকে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে দৈনিক নাৰিকলৰ পানী খালে শৰীৰত কি প্ৰভাৱ পৰিব-

নাৰিকলৰ পানীত মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। এক কাপ নাৰিকল পানীত ৬০ কেলৰি থাকে অৰ্থাৎ প্ৰায় ২৪০ মিলিলিটাৰ। নাৰিকল পানীৰ আন এটা সম্ভাৱ্য অতিৰিক্ত উপকাৰ হ’ল ই মেগনেছিয়ামৰ ভাল উৎস। ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ লগতে টাইপ ২ ডায়েবেটিছ ভালদৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। দৈনিক নাৰিকলৰ পানী খালে বি পি নিয়ন্ত্ৰণত থাকিব।

নাৰিকলৰ পানী খালে বৃক্কৰ পাথৰ কমাব পাৰি। দৈনিক নাৰিকলৰ পানী খালে শৰীৰত শক্তি বজাই ৰাখে আৰু লগতে কিডনীত পাথৰ সৃষ্টি হোৱাত বাধা দিয়ে। নাৰিকল পানীৰ হাইড্ৰেটিং গুণ ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে, ই যৌৱনকাল বজাই ৰখাত সহায় কৰিব।

Exit mobile version