দৰং জিলা সত্র ন্যায়াধীশৰ আদালতত হত্যাকাৰীক যাৱজীৱন কাৰাদণ্ড

দৰং জিলা সত্র ন্যায়াধীশৰ আদালতত হত্যাকাৰীক যাৱজীৱন কাৰাদণ্ড

মঙলদৈৰ পৰা মকছেদ আলি, ৩  মে’ : দৰং জিলাৰ জিলা আৰু সত্র ন্যায়াধীশ প্রতিম কুমাৰ বৰাৰ আদালতে হত্যাকাণ্ডৰ অভিযোগত আজি এজন পয়ত্রিশ বছৰীয়া লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। আদালতে কাৰাদণ্ড বিহা লোকজন হৈছে মঙলদৈ থানাৰ অন্তৰ্গত মোৱামাৰী গাঁঁৱৰ প্রয়াত মোচিৰাম বিশ্বাসৰ পুত্র সোনাবাসী বিশ্বাস (৩৫)। ঘটনাৰ বিৱৰণীত প্রকাশ যে, যোৱা ২০১০ চনৰ ২১ মাৰ্চ তাৰিখে নিশা কৰাদণ্ডিত সোনাবাসী বিশ্বাসে আন কেইজনৰ সহযোগীৰ সৈতে এক ভূমি বিবাদৰ পৰিপ্রেক্ষিতত একে গাঁঁৱৰে শিলবাসী বিশ্বাসৰ ঘৰত বলপূৰ্বক ভাৱে প্রবেশ কৰি শিলবাসী বিশ্বাসৰ লগতে তেওঁৰ পত্নী বিচাশা বিশ্বাসক ডেগাৰেৰে আক্ৰমন কৰি আহত কৰিছিল । উক্ত আক্ৰমনৰ ফলত বিচাশা বিশ্বাসৰ মৃত্যু হোৱাৰ লগতে শিলবাসী বিশ্বাস গুৰুত্বৰ ভাৱে আহত হৈছিল । আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত সোনাবাসী বিশ্বাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে দহ হাজাৰ টকা জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহিছে । অানহাতে গোচৰটিৰ সহ অভিযুক্ত নাৰায়ন চৰকাৰ, মানিক সিং আৰু প্রিয়নাথ সিঙক গোচৰটিৰ পৰা আদালতে দায়মুক্ত কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!