Site icon Guwahati Times

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা; নিহত…

 তিনিচুকীয়াৰ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এখন ডাম্পাৰখনে ছুইফট বাহনখনক পিচফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

নিহত লোক দুজন চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি চিনাক্ত কৰা হৈছে। আনহাতে ঘটনাত অজন্তা বৰুৱা, ৰিপুন সোণোৱাল নামৰ আন দুজন লোক আহত হয়। আহতদ্বয়ক ইতিমধ্যেই হাস্পতাললৈ প্রেৰণ কৰা হৈছে। উল্লেখ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Exit mobile version