Site icon Guwahati Times

ধুবুৰীত জয়ী হ’ব অগপ প্ৰাৰ্থীঃ ভৱেশ কলিতাক উভতি ধৰিলে অগপ সভাপতি অতুল বৰাই

“ধুবুৰীত সম্ভৱ নহয় আজমল, ৰকিবুলৰ জয় ৷ ধুবুৰীত জয় হব অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ”, এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ৷ ধুবুৰী লোকসভা সমষ্টিক লৈ হতাশাজনক স্থিতি লোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক প্ৰত্যুত্তৰ অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাৰ, “ধুবুৰীক লৈ নিৰাশ হোৱাৰ প্ৰয়োজন নাই ৷ ধুবুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত ৷” নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিক লৈ পৰাজয় স্বীকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ ধুবুৰীৰ বাহিৰে আটাইকেইখন আসনত জয় হব মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷ কিন্তু কোনোকাৰণত সম্ভৱ নহয় ধুবুৰী ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই মন্তব্যৰ পূৰ্বে অৰ্থাৎ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ দিনটোতে ধুবুৰী সমষ্টিক লৈ অনিশ্চয়তা প্ৰকাশ কৰিছিল মন্ত্ৰী ৰঞ্জিত দাসে ৷

ভোটদানৰ দিনটোতে ৰাতিপুৱা ৯ বজালৈ ধুবুৰীত লোকসভা সমষ্টিত  মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত ভোট নাছিল বুলি মন্তব্য কৰিছে ৷  অৰ্থাৎ  নিৰ্বাচনৰ দিনটোতে মন্ত্ৰী ৰঞ্জিত দাসে সমষ্টিটোত স্বতঃস্ফূৰ্ত পৰাজয় স্বীকাৰ কৰিছে ৷ পিছে, মিত্ৰতাৰ ধৰ্ম পালন কৰা বিজেপি দলীয় নেতৃত্বৰ এনে ভাষ্যত স্বাভাৱিকতে হতাশ অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে কেতিয়াও পৰাজয় স্বীকাৰ কৰা সমীচিন নহয় ৷ ভোটাৰে EVM প্ৰদান কৰিছে ভোট ৷

উল্লেখ্য যে পূৰ্বৰে পৰা ধুবুৰী সমষ্টিক লৈ হতাশ আৰু নিৰাশ বিজেপি ৷ যাৰবাবে আনকি সমষ্টিটো বিজেপিৰ পৰিবৰ্তে অগপক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ ৷ পিছে, ইমানৰ পিছতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সহায়ৰ পৰিবৰ্তে এতিয়া আগতীয়া পৰাজয় স্বীকাৰে অগপ দলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ বিজেপিয়ে বলে নোৱাৰা শিলক অগপলৈ থেলি এতিয়া ৰং চাইছে নেকি ৷ সেয়া হৈ পৰিছে লক্ষণীয়।

Exit mobile version