Site icon Guwahati Times

নগাঁও জিলাৰ জুৰীয়াত গৰু সহ ট্ৰাক জব্দ। দুখনকৈ গাড়ীত কঢ়িয়াই আনিছিল ৪৮ টাকৈ গৰু।

গৰুৰ ছিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য খনতে তোলপাৰ লাগি থকাৰ সময়তে আজি জুৰীয়াত আৰক্ষীয়ে দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনি খনকৈ জিলা অতিক্ৰম কৰি নগাঁও জিলাৰ জুৰীয়াত আহি উপস্থিত হোৱাত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে আটক কৰে এই গৰু ভৰ্ত্তি ট্ৰাক দুখন ৷ যাবতীয় নথিপত্ৰ দেখোৱাব নোৱাৰাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাক দুখন ৷ এতিয়া কথা হল যাবতীয় নথিপত্ৰ নোহোৱাকৈ কেনেকৈ চাৰিখনকৈ জিলাত আহি উপস্থিত হল ট্ৰাক দুখন ৷ কাৰ নেতৃত্বত চলিচে এই চিণ্ডিকেট ? গৰু সমূহ বিক্ৰীৰ বাবে সুদূৰ ধেমাজিৰ পৰা ধিং-মৈৰাবাৰীলৈ গৈ থকা অৱস্থাত গোপন খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে জুৰীয়া চাৰিআলিৰ পৰা গৰু সহ গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয় ৷ গৰু সহ গাড়ী দুখন জব্দ কৰা লগতে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আচাদ আলী,খাজৰ উদ্দিন,লক্ষী দলে,আবুল কাছেমক আটক কৰে।

পদুম ভূঞা Report GTM

Exit mobile version