অৱশেষত উদ্ধাৰ হল নগাঁৱৰ কঠিয়াতলীত নিৰুদ্দেশ হোৱা যুৱকজন । নগাঁও ননৈৰ ননৈ নদীত মৃত অৱস্থাত উদ্ধাৰ কঠীয়াতলিৰ আবুল হুছেইন ।উল্লেখ যে ১১ জুনৰ বিয়লি নিজৰ পালচাৰ বাহন সহ নিৰুদ্দেশ হৈ আছিল আবুল হুছেইন নামৰ এজন যুৱক । ৮ দিন ধৰি কোনো সন্ধান লাভ নকৰা যুৱকজনৰ মৃতদেহ ননৈ ননৈত উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি তীব্ৰ চঞ্চল্য বিৰাজ কৰিছে ।আজি নগাঁও আৰক্ষীয়ে SDRF জৰিয়তে এক বিশেষ খবৰৰ ভিত্তিত ননৈ অনুসন্ধান কৰি এটা মৃতদেহ উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা মৃতদেহটো ননৈত প্ৰাথমিক অৱস্থাত দেখি পৰিয়ালৰ লোকে আবুল হুছেইন বুলি সন্দেহ কৰিছে যদিও মৰোত্তৰ পৰীক্ষা অনন্ত হে প্ৰকৃততে আবুল হুছেইন বুলি হয় নহয় উলিয়াই পৰিব ।আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে ।তদন্তৰ পিছতে উলিয়াই পৰিব প্ৰকৃত ঘটনাৰ ৰহস্য ।
নগাঁও ননৈত মৃতদেহ উদ্ধাৰ

