Site icon Guwahati Times

নগাঁৱত উলহ-মালহৰে শিশু দিৱস উদযাপন |

নগাঁৱত উলহ-মালহৰে শিশু দিৱস উদযাপন |

অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিশু দিৱস উদযাপন কৰে । নগাঁও আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাই দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ বিপৰীতে নগাঁও জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতি আৰু ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়েও বিস্তৃত কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে । এই উপলক্ষে শিশুৰ মাজত চিত্ৰাংকন , সাংস্কৃতিক অনুষ্ঠান , বক্তৃতানুষ্ঠান , মুকলি সভা আদি অনুষ্ঠিত হয় । এইকেইটা অনুষ্ঠানৰ উপৰিও নগাঁৱৰ বিভিন্ন প্ৰান্তত পৃথক পৃথককৈ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস উদযাপন কৰা হয়।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Exit mobile version