Site icon Guwahati Times

নগাঁৱত গৌৰৱ, ডিব্ৰুগড়ত লুৰিণ, প্ৰদ্যুৎ-ৰকিবুল-দেৱব্ৰতই নিৰ্বাচন খেলিব ক’ৰ পৰা? কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ!

লক্ষ্য দিল্লীৰ মছনদ দখল। আৰম্ভ হ’ল দিল্লী দখলৰ কুজ-কাৱাজ। ৰাহুল গান্ধীৰ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ৰ অন্তত পৰা পিছতে প্ৰকাশ পাইছে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা।

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১৩টাকৈ দলৰ বিৰোধী উমহৈতীয়া মঞ্চৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে। এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু অৰবিন্দ কেজৰিৱালৰ আপে।

২০২৪ৰ লোকসভাত নিৰ্বাচনত ডিব্ৰুগড় আসনত প্ৰতিদ্বন্দ্বিতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে। উল্লেখ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনত দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল লুৰিণজ্যোতি গগৈয়ে।

যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অসম বিধান সভাৰ বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই। নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰজলিনা তিৰ্কিয়ে।

পূৰ্বৰ কলিয়াবৰ সমষ্টি এৰি নগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সাংসদ গৌৰব গগৈয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰেই পৰা নগাঁও লোকসভা সমষ্টিলৈ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চাত আছিল।

গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AAPৰ সমন্বয়ক ভৱেন চৌধুৰীয়ে। নতুনকৈ নামকৰণ হোৱা দৰং-ওদালগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে।

পুনৰ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাণী নৰহে। আৰু যদি ৰাণী নৰহে প্ৰতিদ্বন্দ্বিতা নকৰে তেন্তে প্ৰতিদ্বন্দ্বিতা কৰিব উদয় শংকৰ হাজৰিকাই। কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰবীণ বড়োয়ে। কাৰ্বি আংলং লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব জয়ৰাম ইংলেঙে।

নিজ লোকসভা নগাঁও এৰি বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আনহাতে AIUDF দুৰ্গৰূপে পৰিগণিত ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰকিবুল হুছেইনে।

কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে চৰ্চাত আছে হাফিজ ৰসিদ আহমেদ আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমৰ নাম।

বিৰোধীৰ উমৈহতীয়া মঞ্চই তেজপুৰ সমষ্টি এৰি দিব TMCৰ সভাপতি ৰিপুণ বৰাক। আৰু যদি ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা নকৰে তেন্তে কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰ। আনহাতে SCৰ বাবে সংৰক্ষিত শিলচৰ আসন কংগ্ৰেছে এৰি দিব তৃণমূল কংগ্ৰেছলৈ।

কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী তালিকাত আসন দিয়া নাই অখিল গগৈৰ ৰাইজৰ দল, CPI(M)কে ধৰি অন্য দলক। অসম প্ৰদেশ কংগ্ৰেছে এতিয়া এই তালিকাক লৈ সত্যসত্যতা প্ৰকাশ কৰা নাই। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই প্ৰাৰ্থী তালিকা।

Exit mobile version