Site icon Guwahati Times

নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল ।

নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল ।নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল ।

দিত্বীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত নগাঁৱত দুজনকৈ হেভীৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াৰ ওচৰত মনোনয়ন দাখিল কৰা এই প্ৰাৰ্থী দুগৰাকী হৈছে কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মা । নগাঁও লোকসভা সমষ্টিৰ এই প্ৰাৰ্থী দুগৰাকীয়ে নিজৰ নিজৰ সমৰ্থকক লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পদব্ৰজে আহি মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইন , গৌতম বৰা , অৰ্ধেন্দু দে’ , ইদ্ৰিছ আলি , ডাঃ দূৰ্লভ চমুৱা , জোনজোনালী বৰুৱা আদিৰ লগতে দহ সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইন আৰু গৌতম বৰাইও প্ৰদ্যুত বৰদলৈ বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিব বুলি অভিহিত কৰাৰ লগতে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে । ইপিনে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাইও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , অতুল বৰা , কেশৱ মহন্ত , পীয়ূষ হাজৰিকা আদিক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে ।

নগাঁৱৰ পৰা আদিল শ্বাহ।

Exit mobile version