Site icon Guwahati Times

নগাঁৱত শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ ২৬সংখ্যক স্মৃতি দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৯জুন:–“অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি,প্ৰাক্তন অধ্যক্ষ,অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য,শিক্ষাবিদ হৰেশ্বৰ গোস্বামী নগাঁৱৰ সমাজ জীৱনৰ চিৰপুৰোধা ব্যক্তি । তেওঁ আছিল সততা আৰু প্ৰজ্ঞাৰ প্ৰতীক। জীৱিত কালত সহস্ৰজনৰ মাজতো‌ নক্ষত্ৰৰ উজ্বলি থকা হৰেশ্বৰ গোস্বামী প্ৰকৃতাৰ্থত মহান শিক্ষাব্ৰতী আছিল।”—বুধবাৰে হৰেশ্বৰ গোস্বামীৰ ২৬ সংখ্যক স্মৃতি দিৱসৰ অনুষ্ঠানত “অসমীয়া ভাষাৰ ভৱিষ্যৎ আৰু নতুন প্ৰজন্ম” শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰি এনেদৰে কয় সাপ্তাহিক “কলংপাৰ” কাকতৰ সম্পাদক তথা সুলেখক গুৰমাইল সিঙে । কলংপাৰ বিদ্যাপীঠ পৰিচালনা সমিতিৰ সভাপতি,অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি দিৱসৰ অনুষ্ঠানত সাংবাদিক সিঙে হৰেশ্বৰ গোস্বামীৰ জীৱন কৰ্মৰ ওপৰত আলোকপাত কৰি লগতে কয় যে হৰেশ্বৰ গোস্বামীৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সকলোৱে অনুসৰণ কৰিবলগীয়া।তেওঁৰ দৰে সমাজ সচেতন ব্যক্তি অতিশয় বিৰল । স্মাৰক বক্তৃতা প্ৰদান কৰি সিঙে অসমীয়া ভাষাৰ বিৱৰ্তনৰ ইতিহাস দীঘলীয়াকৈ ব্যাখ্যা কৰে আৰু নতুন প্ৰজন্মই বাক্ ব্যৱহাৰ তথা অধ্যয়নৰ ক্ষেত্ৰত অসমীয়া ভাষাক কিদৰে গ্ৰহণ কৰিছে সেই সম্পৰ্কে নিজৰ উপলব্ধি দাঙি ধৰে । তেওঁ আৰু কয় যে আজিৰ প্ৰজন্ম কিছু পৰিমাণে অসমীয়া ভাষা ব্যৱহাৰৰ পৰা আঁতৰি আহিছে । অভিভাৱকৰ কাৰণেই এনে ঘটনা সংঘটিত হৈছে,কিন্তু এনে কাৰ্যই জাতিটোৰ ক্ষতিসাধন কৰিব । হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে সদায় অসমীয়া ভাষাৰ হকে কাম কৰিছিল বুলিও তেওঁ মন্তব্য আগবঢ়ায় । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সহযোগত কলংপাৰ বিদ্যাপীঠৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰা হয় । কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সভাগৃহত অনুষ্ঠিত স্মৃতি দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদগৰাকীৰ পুত্ৰ সপোন গোস্বামী আৰু কন্যা স্নিগ্ধা গোস্বামীয়ে তথা পুষ্পাৰ্ঘ্য নিৱেদন কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক যতীন্দ্ৰনাথ সূত আৰু মৃণালকুমাৰ হাজৰিকাই । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি তথা অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিদ্যাপীঠৰ ছাত্ৰী মৌচুমী শইকীয়া,নৱনীতা খাটনিয়াৰ,কস্তুৰিকা ডেকা,নিমিশা বৰকটকী আৰু সীমা ক্ৰ’পীয়ে এটি বৰগীতেৰে শিক্ষাবিদজনৰ পবিত্ৰ আত্মাৰ পৰম শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।
আদৰণি ভাষণত প্ৰতাপ হাজৰিকাই হৰেশ্বৰ গোস্বামীক সমাজ বিবেক আখ্যা দি নগাঁৱৰ শিক্ষা আৰু সমাজ জীৱনত তেওঁৰ বৰঙণি অতুলনীয় বুলি মন্তব্য দিয়ে । অসমীয়া ভাষাৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে বুলি উল্লেখ কৰি হাজৰিকাই অভিভাৱকৰ ভুলৰ কাৰণেহে নতুন প্ৰজন্ম কেতিয়াবা পথভ্ৰষ্ট হয় বুলি মন্তব্য কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানতে নেলীৰ হজৰত আলীক বিশেষ সন্মান প্ৰদান কৰা হয় । উল্লেখ যোগ্য যে ১৯৯৭ চনৰ ২৮ জুনত নগাঁৱৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তি হৰেশ্বৰ গোস্বামীয়ে গুৱাহাটীৰ এখন সভাত অংশগ্ৰহণ কৰি উভতি আহোঁতে নেলীত এক বাছ দুৰ্ঘটনাত পতিত হৈছিল। পৰিয়ালৰ লোকলৈ বাট নাচাই বা কোন ক’ৰ মানুহ একো নজনাকৈয়ে হজৰত আলীয়ে শিক্ষাবিদজনক তাৎক্ষণিকভাৱে এখন গাড়ীত উঠাই গুৱাহাটীলৈ লৈ গৈছিল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছিল। কিন্তু চিকিৎসা চলি থকা অৱস্থাতে হৰেশ্বৰ গোস্বামীয়ে হজৰত আলীৰ কোলাতে মৃত্যুক সাবটি লৈছিল।
ৰাজহুৱা সন্মান আগবঢ়োৱা হজৰত আলীক প্ৰশস্তি পত্ৰ, গামোচা,চেলেং আদিৰে । সভাপতিৰ ভাষণত গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে সুপুৰুষ হৰেশ্বৰ গোস্বামীয়ে সদায় সমাজ সচেতকৰ ভূমিকা লৈছিল আৰু শিক্ষাৰ উন্নয়নৰ হকে আত্মোৎসৰ্গ কৰিছিল । তেখেত ইমান নীতিনিষ্ঠ আছিল যে অসম লোকসেৱা আয়োগৰ সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত নিজৰ শিক্ষিত সন্তান বা কোনো আত্মীয়- স্বজনকো লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নাছিল । সদায় সৎ পথত চলিছিল কাৰণে সমাজৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ সাহস তেখেতৰ আছিল। এই অনুষ্ঠানতে “বাগভূষণ” উপাধিৰে সন্মানিত হোৱাৰ কাৰণে কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাক সম্বৰ্ধনা জনোৱা হয় । সন্মান প্ৰদান কৰে প্ৰাক্তন অধ্যক্ষ অমৰজিৎ গোস্বামী,শিক্ষক ফুনুমণি বৰা আৰু অতুলচন্দ্ৰ বৰুৱাই । বিদ্যালয়সমূহৰ প্ৰাক্তন পৰিদৰ্শক প্ৰেমেশ্বৰ দাস,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মা, শিল্পী জিয়েন্স বৰদলৈ,শিক্ষাবিদ গৰাকীৰ পুত্ৰ সঞ্জীৱ গোস্বামী, শিক্ষক বিজয় বসুমতাৰী,দিগন্ত বৰদলৈ,সুৰজিৎ দেৱনাথ, জ্যোতিমণি ডেকা,উৎপলা দাস, ৰশ্মিৰেখা কলিতা,মৃগাশ্ৰী বৰা, জিমি বৰকটকী,সুলেখিকা আভা বৰা,দীপ্তি দেৱী,কৰবী লিগিৰা দেৱী,স্বপ্না কলিতা,স্মৃতা কলিতা, শিখামণি হাজৰিকা,মীনা বৰা, জ‌য়ন্তী বৰা,কবি ময়ূৰ কুমাৰ বৰা, মনোজকুমাৰ শৰ্মা,নৱকান্ত লিগিৰা আদি শতাধিক বিশিষ্ট লোক আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত জাতীয় সংগীতেৰে সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version