নগাঁৱৰ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি । হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু আৰক্ষী বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান ।

1 min read

নগাঁৱৰ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি । হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু আৰক্ষী বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান ।

বিগত ৩১ অক্টোবৰৰ পৰা নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হৈ থকা উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ বুধবাৰে বিয়লি সামৰণি পৰে । নগাঁৱৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা এই গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান উপলক্ষে এখনি মুকলি সভা অনুষ্ঠিত হয় । সাহিত্য সমালোচক প্ৰভাত বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাখনতে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু গড় হত্যা ৰোধৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান কৰা হয় ।

You May Also Like

More From Author