23.6 C
Assam
Sunday, September 25, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

Assamese Newsনগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ’,নগাঁও,৬আগষ্ট:–নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত গোমোঠা গাঁৱত শনিবাৰে পুৱা প্ৰায় ৯ বজাত শামুক ভৰ্তি বস্তা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, স্থানীয় লোকে পুৱা বস্তাকেইটা প্ৰত‍্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্যৰ উপস্থিতিত শামুকখিনি কলং নৈত পেলাই দিয়ে ।

৯বস্তাকৈ লক্ষাধিক টকা মূল্যৰ শামুকখিনি কোনো চোৰাং ব‍্যৱসায়ীয়ে ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । আগন্তুক দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৌদিশে চলি থকা তালাচীৰ ভয়তে চোৰাং ব্যৱসায়ীয়ে উক্ত বস্তাসমূহ গোমোঠা গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: