Site icon Guwahati Times

নগাঁৱৰ বাইপাছৰ ধাবাত অসংযত অৱস্থাত ৫যুৱতী সহ ১৭যুৱকক আটক!

দীৰ্ঘদিন ধৰি নগাঁৱৰ বৰঘাট বাইপাছৰ দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উঠা ভোগদৈ ধাবাত নগাঁও আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই ৫গৰাকী যুৱতীসহ ১৭জন যুৱকক গ্ৰেপ্তাৰ কৰে।নগাঁও আৰক্ষীৰ এক উচ্চ স্তৰীয় দলৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে ভোগদৈ ধাবাৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকা আৰু দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত মুল অপৰাধী দুলাল আহমেদকো গ্ৰেপ্তাৰ কৰিছে। দুলালে বিভিন্ন যুৱতীক প্ৰৰোচনাৰে দেহ ব্যৱসায়ৰ বাবে বাধ্য কৰাৰো অভিযোগ উঠিছে। এই অভিযানৰ পিছতে নিশা প্ৰায় ১০ বজাত নগাঁও সদৰ থানাত আৰক্ষী অধীক্ষকে এক সংবাদমেল সম্বোধন কৰি চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিকো শীঘ্ৰেই আটক কৰা হ’ব বুলিও সংবাদ মাধ্যমক জনাইছে।

Exit mobile version