Site icon Guwahati Times

নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ

?নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ
?গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী
নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এছ-০২ ই-৭৩৩৬ নম্বৰৰ ট্ৰেভেলাৰ অাৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এ এছ-০১ বি পি-৭৮৭৭ নম্বৰৰ অাই-২০ গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত অাই-২০ গাড়ীখন পথৰ দ’ খাৱৈত বাগৰি পৰে। ঘটনাটোৰ ফলত ট্ৰেভেলাৰখনৰ বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰৰ চালকজন পলায়ন কৰে। অাহতসকলক ততাতয়াকৈ নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যাত্ৰীৰ পৰা জানিব পৰা মতে ট্ৰেভেলাৰৰ চালকজনে অত্যাধিক বেগত অাহি অাই-২০ত প্ৰচণ্ড খুন্দা মাৰে অাৰু থিতাতে অাই-২০ গাড়ীখন পথৰ পৰা আঁতৰি খাৱৈত বাগৰি পৰে।

যান-বাহন আইন উলংঘা কৰি নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ গাড়ীচালকে মইমতালিৰে গাড়ী চলোৱাৰ বাবেই এনে ঘটনা প্ৰায় সংঘটিত হৈ অাহিছে।

Exit mobile version