Site icon Guwahati Times

নগাঁৱৰ ৰহাৰ যুৱকৰ বৰ্ণিহাটত জলপ্ৰপাতত ডুবি মৃত্যু

 

নিউজ ব্যুৰ’,নগাঁও,৮জুন:–নগাঁও জিলাৰ ৰহাৰ এজন যুৱকৰ বৃহস্পতিবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ জলপ্ৰপাতত ডুবি যোৱাৰ ফলত মৃত্যু হয় । মৃত যুৱকজন হৈছে ৰোহন গগৈ । জানিব পৰা মতে মৃত যুৱকজনে সাতজন বন্ধুৰ সৈতে বনভোজৰ পৰিকল্পনা কৰিছিল যদিও সেইটোৱে এক ভয়াৱহ ৰূপ ল’লে। কোনোৱে পানীৰ পৰা টানি উলিয়াই অনাৰ আগতেই ৰোহনৰ পিছলি পৰি কৰুণভাৱে মৃত্যুমুখত পৰে। বৰ্ণিহাটৰ জলপ্ৰপাতটো অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ ৰিভ’ই জিলাত অৱস্থিত। ঘটনাৰ লগত জড়িত সাতজন বন্ধুৱেই মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ (USTM) ছাত্ৰ আছিল । ৰোহনৰ মৃতদেহ উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে আৰু সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে মৰ্গলৈ লৈ যোৱা হৈছে ।ঘটনা সন্দৰ্ভত ইতিমধ্যে এক তদন্ত আৰম্ভ কৰা হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version