B.J. Electronic নামৰ এখন প্ৰতিষ্ঠানত নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলতেই জ্বলি ভস্মীভূত হয় প্ৰতিষ্ঠানৰ সা-সামগ্ৰী।
প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়।
লেপটপ, মবাইল হেণ্ডছেট, মবাইলৰ সামগ্ৰী, লাইট, ফেনকে ধৰি বহু মূল্যৱান সামগ্ৰী জুইত ভস্মীভূত হয়।
বৈদ্যুতিক স্বৰ্ট চাৰ্কীটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।
কথমপি ৰক্ষা পৰে State Bank ৰ এটা শাখাৰ লগতে চাৰি খনকৈ দোকান।
ঘটনাস্থলিত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নির্বাপিত কৰে।
বিকু শইকীয়া নামৰ যুৱক জনে বহু কষ্টৰে প্ৰতিষ্ঠান খন গঢ় দিছিল যদিও নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত যুৱক জনৰ সপোন চুৰ মাৰ কৰি পেলালে।

