Site icon Guwahati Times

নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ; গীতে মাতে বৌদ্ধিক বাণীৰে

 

শিক্ষা , সংবাদ, সাংস্কৃতিক ক্ষেত্ৰ আৰু সমাজ সংগঠনৰ অগ্ৰণী আৰু বিশিষ্ট ব্যক্তিৰে পহিলা এপ্ৰিলতে নতুন শিক্ষা বৰ্ষৰ শুভ উদ্বোধনী উৎসৱ উদযাপন!

শ্ৰীমন্ত শংকৰদেৱ, আজান পীৰ, জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা,এপিজে আব্দুল কালামৰ নামেৰে শ্ৰেণীকোঠাৰ নামকৰণ

গীতে মাতে , বৌদ্ধিক অমৃতবাণীৰে উচৱমুখৰ আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ২০২৩-২৪ বৰ্ষৰ শিক্ষা বৰ্ষ আৰু শ্ৰেণীকোঠা উদ্বোধন কৰে শিক্ষাবিদ ড০ কমলাকান্ত বৰা , কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন , জ্যেষ্ঠ সাংবাদিক শঙ্কৰ কাকতি আৰু অৱসৰী কৃতী প্ৰধান শিক্ষয়িত্ৰী স্বৰ্ণলতা চহৰীয়াই।

ভাঙাটিভি খ্যাত কৌতুক শিল্পী দীপজ্যোতি ডেকা , অনাতাঁৰ কন্ঠশিল্পী ইনামুল হক, সঙ্গীত শিল্পী খনীন্দ্ৰ বৰা আৰু জনপ্ৰিয় কণ্ঠশিল্পী সুমনে মুহিলে শ্ৰোতা দৰ্শক, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু ৰাইজৰ মন

নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাৰ সঞ্চালনাত , সাংবাদিক বাবুল মকছেদ আহমেদে আঁত ধৰা এই মনোজ্ঞ , চিত্তাকৰ্ষক আৰু ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়িত হয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ অংশ হিচাপে।

মকছেদ আলি,মঙলদৈ

Exit mobile version