নিৰ্বাচনৰ গৰম বতাহৰ মাজতো ৰাইজে সাজু হৈছে ৰঙালিক আদৰিবলৈ।অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।নগাঁৱৰ চামগুৰিটো ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ঢোলবাদন আৰু বিহুনৃত্য ৰ কৰ্মশালা।হালোৱাগাও আঞ্চলিক যুব মঞ্চৰ উদ্যোগত হালোৱাগাও চাৰিআলিত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা।কৰ্মশালা খনিত অংশগ্ৰহন কৰিছে 16 জন ঢোলবাদক আৰু প্ৰায় ত্ৰিশ গৰাকী নাচনীয়ে।অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটিক জীয়াই ৰাখিবৰ বাবে ৰাজু বৰা নামৰ শিল্পী গৰাকীয়ে ভবিষ্যত প্ৰজন্মক দি আহিছে প্ৰশিক্ষণ। #bihu #assam #samaguri

BATSSAM NZ HOQUE- Report Guwahati Times

