Site icon Guwahati Times

*নলবাৰীৰ যজ্ঞভূমিত পঞ্চায়তৰ উদ্যোগত স্বচ্ছ অভিযান*

*নলবাৰীৰ যজ্ঞভূমিত পঞ্চায়তৰ উদ্যোগত স্বচ্ছ অভিযান*

নলবাৰী,২০ ছেপ্টেম্বৰ – ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ শেষৰ দিনা আজি বাহঁজানীৰ যজ্ঞভূমিস্থিত জল্টিৰাম ডেকা সোঁৱৰণী বজাৰ উত্তৰ বাহঁজানী আৰু পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষৰ উদ্যোগত চৌহদ চাফ চিকুণ কৰি স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুই পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্য আৰু নমিতা দাসৰ নেতৃত্বত ৰূপায়ণ কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা আৰু সেৱা সপ্তাহৰ জিলা আহ্বায়ক তৌফিকুল হক চৌধুৰীয়ে। অনুষ্ঠানত আঞ্চলিক সদস্য হিতেশ তালুকদাৰ,গাঁও পঞ্চায়ত সদস্য পিংকু বৈশ্য, ভগৱান শৰ্মা, নৱ কুমাৰ ডেকা,ডিম্বেশ্বৰ বৈশ্য, প্ৰকাশ বৈশ্য,সদানন্দ ডেকা,বিজেপি নেতা ভাস্কৰ শৰ্মা,খগেন ডেকা,খনিন্দ্ৰ ডেকা,ৰামহৰি বৈশ্য,কিশোৰ কলিতা,শিৱ মল্ল বুজৰবৰুৱা,দিলিপ ডেকা,ফণি বৰ্মন, জয়ন্ত তালুকদাৰ,দ্বীজেন দাস,
মণিৰাম ডেকা,বাপুকণ তালুকদাৰ, চানু আহমেদ, দেৱব্ৰত চৌধুৰী,ৰচিদ আলী,নেত্ৰী মিনু ডেকা, নমিতা দেৱী,পখিলা ডেকা, যুৱ নেতা অঞ্জন শৰ্মা, নিহাৰ ভৰালী সহ বহু সংখ্যক গেৰুৱা দলটোৰ কৰ্মী সহযোগ কৰে।

Exit mobile version