Site icon Guwahati Times

নাইজেৰিয়াত পণবন্দী অসমৰ মহিলা বক্সাৰ; বিমানবন্দৰতেই কাঢ়ি লোৱা হ’ল খেলুৱৈগৰাকীৰ ভিছা আৰু পাছপৰ্ট

জানিব পৰা মতে, বিগত ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ খেলুৱৈগৰাকী ফুৰিবলৈ গৈছিল। কিন্তু নাইজেৰিয়া বিমান বন্দৰত কিং নামৰ এজন লোকে বৰ্ণালী বৰুৱা শইকীয়াৰ পাছপৰ্ট আৰু ভিছা চলেৰে কাঢ়ি নিয়ে। তেতিয়াৰে পৰা খেলুৱৈগৰাকীক নাইজেৰিয়াত আবদ্ধ কৰি ৰখা হৈছে।

গুৱাহাটীৰ নিৱাসী বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াৰ সৈতে বিগত তিনিদিন ধৰি পৰিয়ালৰ কোনো যোগোযোগ হোৱা নাই। খেলুৱৈগৰাকীৰ মুক্তিপণৰ বাবে তেওঁৰ পৰিয়ালক ব্লেকমেইল কৰাৰ পিছতেই পৰিয়ালৰ লোকে বৰ্ণালীক উদ্ধাৰৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে। ইতিমধ্যে দিছপুৰ থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, ছমাহ পূৰ্বে গুৱাহাটীত কিঙৰ সৈতে বৰ্ণালীৰ পৰিয়ালৰ চিনাকি হৈছিল। ইয়াৰ দ্বাৰা জানিব পৰা গৈছে যে, বৰ্ণালী আৰু কিঙে ইজনে সিজনক পূৰ্বৰে চিনিপাইছিল। কিন্তু কিঙে বৰ্ণালীক কেৱল ধনৰ বাবেই পণবন্দী কৰিছে নে ইয়াৰ আঁৰত আন কিবা ৰহস্য আছে, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব। বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু শীঘ্ৰেই বৰ্ণালীক স্বগৃহলৈ উভতাই অনাৰ প্ৰয়াস কৰিছে।

Exit mobile version