Site icon Guwahati Times

নাগাৰা নামৰ পিছত এইবাৰ চিনেমাত অভিনয় কৰিশ্মা নাথৰ, কোনখন ছবিত অভিনয় কৰিছে নিশাটোৰ ভিতৰতে ভাইৰেল হোৱা কৰিশ্মাই?

‘পে পে পে…’ ৰে তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিশাটোৰ ভিতৰতে হৈ পৰিছিল জনপ্ৰিয়। নাগাৰা নামৰ নিজস্ব শৈলীৰ সকলোকে কৰিছিল মন্ত্ৰমুগ্ধ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ সকলোকে কৰিছিল আপ্লুত। নাগাৰা নাম প্ৰদৰ্শনৰ নিজস্ব শৈলী তেওঁৰ। নামৰ তেওঁৰ কৰিশ্মা নাথ।

কৰিশ্মা নাথ বুলি ক’লেই সকলোৰে মুখলৈ আহে মিছিকীয়া হাঁহিৰে সকলো মাজত নাম প্ৰদৰ্শন কৰা মৰম লগা ছোৱালীজনীৰ বিষয়ে। নাগাৰা নাম প্ৰদৰ্শন কৰি অসমবাসীৰ মন জয় কৰিছে কৰিশ্মা নাথে। শদিয়াৰ পৰা ধুবুৰীলৈ কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ হাবাথুৰি খাই ৰাইজে। পিছে নাগাৰা নাম নহয়, এইবাৰ অন্য এক কাৰণত পুনৰ শিৰোনামলৈ আহিছে কৰিশ্মা নাথ।
এইবাৰ অভিনেত্ৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিছে কৰিশ্মা নাথে। শুকুৰবাবে মুকলি হোৱা এখন অসমীয়া চলচ্চিত্ৰ টিজাৰত দেখা গৈছে কৰিশ্মা নাথক। টিজাৰটোৰ প্ৰথমটো সংলাপতে কৰিশ্মাই কৈছে ‘‘ঐ বৈনীহাত, বেণ্ডপাৰ্টি থোৰা মস্ত থৌগায়ে…’।

আহিব লগীয়া ‘স্বৰ্গৰথ’ নামৰ অসমীয়া ছবিখন দেখা যাব কৰিশ্মা নাথক। ৰাজেশ ভূঞাৰ পৰিচালিত ছবিখনৰ গীতৰ টিজাৰত দেখা পোৱা গৈছে কৰিশ্মা নাথক। ‘‘মনৰ মাজত মন বন্ধু, ঘৰৰ মাজত ঘৰ, কোনটো আপোন তোৰ কোনটো বা পৰ…??’’ এই গীতটিৰ অচিৰেই মুক্তি লাভ কৰিব। আৰু এই গীতটিৰ টিজাৰতে দেখা গৈছে কৰিশ্মা নাথক।

কৰিশ্মাৰ উপৰিও টিজাৰটোত দেখা গৈছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু অৰূপজ্যোতি বৰুৱাক। গীতটো কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই, সংগীত অনুৰাগ শইকীয়াৰ আৰু গীতটো লিখিছে শান্তনু ৰৌমুৰীয়াই।

Exit mobile version