Site icon Guwahati Times

নাবালিকাক পলুৱাই নিবলৈ আহি জালত পৰিল বহিঃৰাজ্যৰ যুৱক

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ জালত বহ্যিঃৰাজ্যৰ যুৱক৷ ফেচবুকৰ জৰিয়তে অসমৰ নাবালিকা কিশোৰীক পলুৱাই নিয়াৰ ষড়যন্ত্ৰ মানৱ সৰবৰাহকাৰীৰ৷ বঙাইগাঁৱত আৰক্ষীৰ তৎপৰতাত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰীক৷

কিশোৰীগৰাকী গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত বাইদাৰ। কেইমাহমান পূৰ্বে উত্তৰ প্ৰদেশৰ অংকিত কুমাৰ নামৰ লোকজনে কিশোৰীগৰাকীৰে চিনাকী হয়। সেই মতে লোকজন অসম পায় আৰু গোৱালপাৰাৰ শৌলমাৰীত লগৰীয়াৰ সৈতে পূজা দিবলৈ অহাৰ সময়তে বলপূৰ্ৱক উঠাই আনে৷

লোকজনে অপহৰণ কৰি অনা কিশোৰীগৰাকীক লৈ উত্তৰ প্ৰদেশ লৈ ৰাওনা হোৱাৰ বাবে বঙাইগাঁৱত আহি প্ৰস্তুতি চলোৱাৰ সময়তে সন্দেহৱসত আৰক্ষীয়ে আটক কৰে। অংকিত কুমাৰক মানৱ সৰবৰাহ চক্ৰৰে জড়িতৰ সন্দেহ কৰিছে আৰক্ষীয়ে। লোকজনক আৰক্ষীয়ে বৰ্তমান সোধা–পোছা কৰি আছে৷

Exit mobile version