Site icon Guwahati Times

নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

আলফা (স্বা)ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত ম্যানমাৰ শিবিৰৰ পৰা আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰিছিল পলাশ মৰানে। পলায়ন কৰা পলাশ মৰাণ নামৰ আলফা সদস্যজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷

আছাম ৰাইফলছ আৰু স্থানীয় লোকৰ সহায়ত ইণ্ডো-ম্যানমাৰ সীমান্তৰ আপাৰ চিংঘা নামৰ এখন বস্তিত আলফা সদস্যজনক পৰিয়ালৰ লোকে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰা সদস্যজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷

ইপিনে আন তিনি সৰ্তীথ ক্ৰমে মন্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাংশু ভূঞা ইতিমধ্যই অৰুণাচলত আৰক্ষীৰ জালত পৰিছিল ৷ আজি মৃতদেহ উদ্ধাৰ হোৱা পলাশৰ ঘৰ পেঙেৰীৰ তৰাণী গাঁৱত।

Exit mobile version