Site icon Guwahati Times

নীলাচল উৰণসেতুত প্ৰথমটো পথ দুৰ্ঘটনা

উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই নীলাচল উৰণসেতুত অঘটন। নৱনিৰ্মিত সেতুখনত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা।

বৃহস্পতিবাৰে ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী। উৰণ সেতুখনৰ কামাখ্যা গেটৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে এগৰাকী চাফাই কৰ্মী আঘাতপ্রাপ্ত হয়।

ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰিছে। ঘটনাৰ পিছতে সেতুখনত বহু সময় ধৰি যান-জঁটৰ সৃষ্টি হয়।

Exit mobile version