Site icon Guwahati Times

নৱবৰ্ষক আদৰাৰ নামত নচলিব অশ্লীলতা, কোনে দিলে এই সকীয়নি?

ইংৰাজী নৱবৰ্ষলৈ মাজত মাথোঁ কেইটামান দিন। কিছুদিন পিছতে মেলানি মাগিব ২০২৩ বৰ্ষই। নৱবৰ্ষৰ আদৰাৰ নামত মহানগৰীৰ একাংশ বাৰ, ৰেস্তোৰা, ডিস্কো, হোটেলত চলিব ৰঙীন পাৰ্টী। নৱবৰ্ষৰ আদৰাৰ নামত একাংশই নগ্নতা আৰু অশ্লীলতাৰ আশ্ৰয় লোৱাৰো অভিযোগ বিগত সময়ত দেখা গৈছে। মহানগৰীৰ হোটেল, বেষ্টুৰেণ্ট, বাৰ, ডিস্কোত যাতে কোনো কাৰণতে অশ্লীলতাৰ প্ৰয়োভৰ নঘটে, তাৰ বাবে সকীয়নি দিলে হিন্দু যুৱ-ছাত্ৰ পৰিষদে।

মহানগৰীৰ একাংশ হোটেল, বেষ্টুৰেণ্ট, বাৰ, ডিস্কোৰ স্ৱত্ৱাধিকাৰীয়ে অধিক মুনাফাৰ স্ৱাৰ্থত অসমীয়া সমাজ জীৱনৰ বাবে ক্ষতিকাৰক বিজতৰীয়া সংস্কৃতিৰ প্ৰয়োভৰ ঘটাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এইবাৰ যাতে ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত তেনে কোনো বিজতৰীয়া সংস্কৃতিৰ প্ৰয়োভৰ নঘটে তাৰ বাবে সকীয়নি দিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধব দাসে।

লগতে বিবৃতিযোগে কয় যে, এইক্ষেত্রত চৰকাৰ-প্রশাসনো কঠোৰ হোৱাৰ প্রয়োজন আছে। জিলা প্রশাসন আৰু আৰক্ষী বিভাগে সচেতনতাৰে বিষয়টোত দৃষ্টি ৰাখিলে কোনো অনুষ্ঠান-প্রতিষ্ঠানে এনেকুৱা অপ-সংস্কৃতিকৰ প্ৰয়োভৰ ঘটাব নোৱাৰে।

Exit mobile version