Site icon Guwahati Times

নৱৰাত্ৰিৰ নৱমটো দিনত ‘সিদ্ধিদাত্ৰী’ৰ পূজা-আৰাধনা

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু বশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। ওঠৰ সিদ্ধিৰ নাম- অণিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, মহিমা, ঈশিত্ব, সৰ্বকামাৱসায়িতা, সৰ্বজ্ঞত্ব, দূৰশ্ৰৱণ, পৰকায়প্ৰৱেশন, বাক্-সিদ্ধি, কল্পবৃক্ষত্ব, সৃষ্টি, সংহাৰকৰণসামৰ্থ্য, অমৰত্ব, সৰ্বনায়কত্ব, ভাৱনা আৰু সিদ্ধি।

Exit mobile version