Site icon Guwahati Times

নৱ-বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

উলুবাৰীৰ দক্ষিণ শৰণীয়াত নৱ-বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ। সোমবাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ।

মৃত মহিলাগৰাকী মায়েঝা বেগম বুলি জানিব পৰা গৈছে। দক্ষিণ শৰণীয়াৰ ৮নং বাসগৃহত সংঘটিত হৈছে এই ঘটনা।

৩ মাহ ধৰি স্বামীৰ সৈতে ভাড়াতীয়া হিচাপে আছিল ঘৰটোত। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে মহিলাগৰকীৰ পৰিয়ালৰলোকে। স্বামী চা‍বদাৰ হাম্মি শইকীয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ।

ইতিমধ্যে ঘটনাস্থলীত পল্টনবজাৰ আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

Exit mobile version