ছত্তীশগড়ৰ সৰানগড়-ভিলাইগড় জিলাত দেওবাৰে এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুগৰাকী কন্যা শিশুক। যাৰ ফলত থিতাতে নিহত হয় দুইগৰাকী শিশু। ওপৰত খুন্দা মাৰি নিহত হোৱাৰ লগতে চাৰিগৰাকী আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, আজি পুৱা সৰনগড়-ছৰাইপালি পথৰ বটাউপালী গাঁৱৰ সমীপত এই ঘটনা সংঘটিত হয়। একেইটা পৰিয়ালৰে ছয়টা শিশু পথৰ কাষত খোজ কাঢ়ি গৈ থকা অৱস্থাত দ্ৰুতবেগী ট্ৰাকখনে মহতিয়াই নিয়ে ২ শিশুক, দুৰ্ঘটনাটি সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাক চালক।
কবিতা (১০) আৰু অঞ্জু সিদাৰ (১৫)ৰ থিতাতে নিহত হোৱাৰ উপৰিও ৰাখী সিদাৰ (১০) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
অচিনাক্ত ট্ৰাক চালকজনৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত আছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰি কয়।

